Daily Time Axom

কামৰূপ মহানগৰ জিলাক ড্ৰোণ উৰণ নিষিদ্ধ এলেকা ঘোষণা কামৰূপ মহানগৰৰ জিলা দণ্ডাধীশৰ

40

নিউজ ডেস্ক, ২৪ মে’-কামৰূপ মহানগৰ জিলাক ড্ৰোণ উৰণ নিষিদ্ধ এলেকা ঘোষণা। আজি আৰু কাইলৈৰ বাবে গুৱাহাটীত ন’ ড্ৰোণ ফ্লাই জ’ন থাকিব। এই দুটা দিনত গুৱাহাটীত কোনো লোকে ড্ৰোণ উৰুৱাব নোৱাৰিব। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ গুৱাহাটী আগমনৰ পৰিপ্ৰেক্ষিতত এই সিদ্ধান্ত লোৱা হৈছে । কামৰূপ মহানগৰৰ জিলা দণ্ডাধীশে জাৰি কৰিলে এই নিৰ্দেশনা।

উল্লেখ্য যে, ২৫ মে’ত গুৱাহাটীলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। অসম চৰকাৰৰ ১ লাখ নিযুক্তিৰ লক্ষ্যৰে বৃহস্পতিবাৰে ৪৫ হাজাৰ নিৰ্বাচিত প্ৰাৰ্থীক চাকৰিৰ নিযুক্তি পত্ৰ প্ৰদান কৰা হ’ব।

Comments are closed, but trackbacks and pingbacks are open.