Daily Time Axom

তামুলপুৰৰ দ্বাৰকুছিত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে মৃত্যু এগৰাকী ছাত্ৰী

48

নিউজ ডেস্ক, ২৪ মে’- তামুলপুৰৰ দ্বাৰকুছিত ভয়ংকৰ পথ দুৰ্ঘটনা। টিউচনলৈ যোৱাৰ পথতে বাছে মহটিয়াই নিয়ে এগৰাকী ছাত্ৰীক। দুৰ্ঘটনাত হিমানী দাস নামৰ কিশোৰীগৰাকীৰ থিতাতে মৃত্যু হয় । গোপালপুৰ আদৰ্শ হাইস্কুলৰ দশম শ্ৰেণীৰ ছাত্ৰী আছিল হিমানী।

ৰঙিয়া-ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথৰ দ্বাৰকুছিত AS25 AC 5970 নম্বৰৰ আল্ট্ৰা বাছ এখনে মহতিয়াই লৈ যায় ছাত্ৰীগৰাকীক। ঘটনাস্থলীত আৰক্ষীযে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে তামুলপুৰ আৰক্ষী থানা লৈ যায়। দুৰ্ঘটনাৰ পাছতে ৰাইজে বন্ধ কৰি দিয়ে পথছোৱা।

উল্লেখ্য যে, আৰক্ষীৰ চকীৰ ৫০ মিটাৰ দূৰত্বত এই পথ দুৰ্ঘটনা সংঘটিত হয় যদিও আৰক্ষীয়ে বহু সময়লৈ পথ দুৰ্ঘটনাৰ খবৰ লাভ নকৰাক লৈ উত্তেজিত হৈ পৰে স্থানীয় ৰাইজ।

Comments are closed, but trackbacks and pingbacks are open.