নিউজ ডেস্ক, ২৫ মে’- অসমৰ জোঁৱাই হ’ল বলিউড অভিনেতা আশিস বিদ্যাৰ্থী। বৃহস্পতিবাৰে বিয়াৰ সাজত দেখা গ’ল বিশিষ্ট অভিনেতাগৰাকীক। অসমৰ জীয়ৰী ফেশ্বন ডিজাইনাৰ ৰূপালী বৰুৱাৰ সৈতে কলকাতা ক্লাৱত বিবাহপাশত আবদ্ধ হয় বলীউডৰ প্ৰখ্যাত অভিনেতাজন।
পৰিয়াল তথা ঘনিষ্ঠ বন্ধুৰ উপস্থিতিত অনুষ্টুপীয়াকৈ সম্পন্ন হয় বিবাহ। গুৱাহাটীৰ ৰূপালী কৰ্মসূত্ৰে থাকে কলকাতাত। ৰূপালীয়ে বগা মেখেলা চাদৰ পিন্ধাৰ বিপৰীতে আশিস বিদ্যাৰ্থীক কেৰালাৰ পোছাক মুণ্ডু পিন্ধা আৰু ডিঙিত লোৱা দেখা গ’ল অসমীয়াৰ স্বাভিমান গামোচা।
Comments are closed, but trackbacks and pingbacks are open.