আজি খানাপাৰাত চৰকাৰৰ বৃহৎ নিযুক্তি প্ৰদান অনুষ্ঠান

নিউজ ডেস্ক, ২৫ মে’- আজি খানাপাৰাত চৰকাৰৰ বৃহৎ নিযুক্তি প্ৰদান অনুষ্ঠান।বিয়লি ৩ বজাৰ পৰা অনুষ্ঠিত হ’ব এই অনুষ্ঠান। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত ৪৪,৭০৩ প্ৰাৰ্থীক প্ৰদান কৰা হ’ব নিযুক্তি পত্ৰ। স্বাস্থ্য, শিক্ষা, কৃষি, ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগত হ’ব নিযুক্তি। প্ৰাৰ্থীসকলে লগত আনিব লাগিব এডমিট কাৰ্ড, পৰীক্ষাৰ ফলাফলৰ প্ৰিণ্ট, পৰিচয় পত্ৰ।

উল্লেখ্য যে, শেহতীয়াকৈ বিভিন্ন বিভাগত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছিল। সেই ফলাফলৰ পাছতেই সকলোকে ২৫ মে’ত খানাপাৰাস্থিত পশু চিকিৎসালয় মহাবিদ্যালয়ৰ খেলপথাৰত ৰাজহুৱাকৈ নিযুক্তি পত্ৰ বিতৰণ কৰা হ’ব বুলি জনাইছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

Amit ShahAppointmentAssamAssamese NewsDaily time axomGuwahatiHimanta Biswa SarmaIndiaJob