বিশ্বৰ তৃতীয় সৰ্বোচ্চ পৰ্বত কাঞ্চনজংঘাৰ শিখৰত আৰোহণ অসমৰ দুই পৰ্বতাৰোহীৰ

নিউজ ডেস্ক, ২৫ মে’- বিশ্বৰ তৃতীয় সৰ্বোচ্চ পৰ্বত কাঞ্চনজংঘাৰ শিখৰত আৰোহণ অসমৰ দুই পৰ্বতাৰোহীৰ। ইতিহাস ৰচি মাউণ্ট কাঞ্চনজংঘাৰ শিখৰত দুই অসম সন্তান পৰ্বতাৰোহী ভাস্কৰ বৰুৱা আৰু জয়ন্ত নাথ। শিখৰত আৰোহণ কৰি উৰুৱালে অসমীয়াৰ গামোচা আৰু ত্ৰিৰংগা।

বৃহস্পতিবাৰে পুৱা ৭ বাজি ১৫ মিনিটত দুই অসম সন্তানে কাঞ্চনজংঘাত উপস্থিত হৈ গামোচা আৰু ত্ৰিৰংগা উৰুৱাই পুনৰ এবাৰ গৌৰৱান্বিত কৰিলে অসমীয়াক।

ইয়াৰপিছতেই পৰ্বতাৰোহী ভাস্কৰ বৰুৱা, জয়ন্ত নাথক টুইটযোগে অভিনন্দন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

AssamAssamese NewsClimbDaily time axomGuwahatiIndiaKanchanjanghāMountaineers