আজি ২৮ মে’ বিশ্ব ক্ষুধা দিৱস।
প্ৰতি নিশা বিশ্বৰ ৮২ কোটি ৮০ লাখ লোক ভোকত শুৱে । এয়া বিশ্বৰ দহ শতাংশ জনসংখ্যাৰ তথ্য। ৰাষ্ট্ৰসংঘৰ খাদ্য আৰু কৃষি সংস্থাই (FAO) প্ৰদান কৰা তথ্যত এই কথা উল্লেখ কৰা হৈছে। লগতে কয় যে এবছৰৰ পূৰ্বতকৈ এতিয়া এই সংখ্যা ৪ কোটি ৬০ লাখ বৃদ্ধি পাইছে। পৃথিৱীৰ ১০ শতাংশ লোকে পৰ্যাপ্ত খাদ্য নাপায়। এই সংখ্যা এটা দশকৰো অধিক সময়ৰ ভিতৰত সৰ্বাধিক। অৰ্থাৎ সমগ্ৰ বিশ্বতে ভোকাতুৰ লোকৰ সংখ্যা বাঢ়িছে। ভোকত থকা বা ৰাতি ভোকত শুই থকা লোকৰ দুই তৃতীয়াংশই মহিলা। ইয়াৰে ৮০ শতাংশই জলবায়ু পৰিৱৰ্তন প্ৰৱণ অঞ্চলত বাস কৰে। অলাভজনক সংস্থা দ্য হাংগাৰ প্ৰজেক্টে বিশ্বব্যাপী ক্ষুধা সম্পৰ্কে সজাগতা সৃষ্টিৰ বাবে ২৮ মে’ক বিশ্ব ক্ষুধা দিৱস হিচাপে পালন কৰে।