শংকৰদেৱ শিশু নিকেতন, ৰঙিয়াত শিশু সমিতি, অসমৰ বাৰ্ষিক সাধাৰণ সভা দুদিনীয়া কাৰ্যসূচীৰে সম্পন্ন

বিদ্যা ভাৰতীৰ অখিল ভাৰতীয় শিক্ষা সংস্থানৰ সংবদ্ধ শিশু শিক্ষা সমিতিৰ ২০২৩ বৰ্ষৰ বাৰ্ষিক সাধাৰণ সভাখন কালি ২৭ মে’ শনিবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে ৰঙিয়া শংকৰদেৱ শিশু নিকেতনত আৰম্ভ হৈছিল । প্ৰথম দিনা বন্তি প্ৰজ্জ্বলন,বন্দনাৰে আৰম্ভণি হোৱা সভাখনত সভাপতিত্ব কৰে শিশু শিক্ষা সমিতি, অসমৰ উপ সভাপতি  ড০ ৰামানন্দ দাসে । সভাপতিৰ আসন গ্ৰহণৰ পাছতেই আদৰণি ভাষণ পাঠ কৰে পূৰ্বোত্তৰ ক্ষেত্ৰৰ সাংগঠনিক সম্পাদক ড০ পৱন তিৱাৰীয়ে ।ইয়াৰ পিছতে মুখ্য অতিথি শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য আৰু বিজ্ঞান বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডাঃ ধ্ৰুৱজ্যোতি বৰাই বক্তব্য ৰাখি মাতৃভাষাৰ বিদ্যালয় শংকৰদেৱ শিশু নিকেতনে সমাজৰ সৰ্বাংগীন বিকাশ দেশৰ প্ৰগতিত বিশেষ অৱদান আগবঢ়াইছে বুলি মন্তব্য কৰি শিশু শিক্ষা সমিতিৰ শলাগ লয়। শিশু শিক্ষা সমিতি অসমৰ সম্পাদক কুলেন্দ্ৰ কুমাৰ ভাগৱতীয়ে বাৰ্ষিক সাধাৰণ সভাৰ সম্পাদকীয় প্ৰতিবেদন পাঠ কৰে। আজি দ্বিতীয় দিনা দেওবাৰে পূৰ্বৰ কাৰ্যসূচী অনুযায়ী
বাৰ্ষিক সম্পাদকীয় প্ৰতিবেদন পাঠ, হিচাপৰ প্ৰতিবেদন দাখিল কৰাৰ লগতে অসমৰ বিভিন্ন উপ সমিতি সমুহৰ প্ৰমুখসকলে নিজ নিজ আঁচনি সম্পৰ্কত প্ৰতিবেদন দাখিল আৰু বক্তব্য ৰাখে ।ইয়াৰ লগতে আগন্তুক বৰ্ষটোৰ বাবে যোজনা প্ৰস্তুত কৰি তাক গ্ৰহণৰ সিদ্ধান্ত কৰে। সমাপন সমাৰোহত শিশু শিক্ষা সমিতি অসমৰ সভাপতি ড০ দিব্যজ্যোতি মহন্তই বক্তব্য ৰাখি মাতৃভাষাৰ জৰিয়তে শিক্ষা প্ৰদান কৰি ছাত্ৰ ছাত্ৰীসকলক সংস্কাৰযুক্ত পঞ্চপদী শিক্ষাৰ জৰিয়তে শৈক্ষিক উত্তৰণ ঘটোৱা প্ৰতি গৰাকী আচাৰ্য-আচাৰ্যা, পৰিচালনা সমিতি আৰু অভিভাৱকলৈ অভিনন্দন জ্ঞাপন কৰে । ইয়াৰ লগতে আগন্তুক বৰ্ষটোত সফলতাৰ ধাৰাবাহিকতা অক্ষুন্ন ৰাখি প্ৰতিযোগিতামূলক পৰীক্ষাৰ লগতে সাংস্কৃতিক আৰু ক্ৰীড়া ক্ষেত্ৰটো ছাত্ৰ ছাত্ৰী সকলে যাতে অধিক ভাল ফলাফল দেখুৱাব পাৰে সেই দিশটোত গুৰুত্ব আৰোপ কৰা হব বুলিউল্লেখ কৰে । ড০ মহন্তই প্ৰাগজ্যোতিষ বিশ্ববিদ্যালয়ৰ আন্তঃ গাঁথনি নিৰ্মাণ প্ৰক্ৰিয়াত প্ৰাক্তন ছাত্ৰ, অভিভাৱক, আচাৰ্য-আচাৰ্যা, পৰিচালনা সমিতি, সমাজ সকলোকে সহায় হাত আগবঢ়াবলৈ আহ্বান জনাইছে।

AssamAssamese NewsDaily time axomIndiaInternational
Comments (0)
Add Comment