পাকিস্তানত ভয়ংকৰ হিমস্খলন। জানিব পৰা মতে, বৰফত পোট গৈ কমেও ১০ জন লোকৰ মৃত্যু হৈছে। নিহতসকলৰ ভিতৰত আছে তিনিগৰাকী মহিলা। সেই স্থানৰ পৰা আৰু কমেও ২৫ জন লোকক উদ্ধাৰ কৰা হয়। বহুকেইজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ চিকিৎসাধীন হৈ আছে।পাকিস্তানৰ গিলগিট-বাল্টিস্তান প্ৰদেশত শনিবাৰে সংঘটিত হৈছে এই ঘটনা।