সমগ্ৰ ৰাজ্যৰ লগতে মৰিগাঁও জিলাতো ২৮ মে’ৰ পৰা অনুষ্ঠিত হৈছে পালচ্ পলিঅ’ অভিযান। ৫ বছৰ বয়সৰ তলৰ প্ৰতিটো শিশুক পলিঅ’ ৰোগৰ পৰা সুৰক্ষিত কৰি ৰখাৰ উদ্দেশ্যে পলিঅ’ ৰ দুটোপাল প্ৰতিষেধক সেৱন কৰোৱাৰ লক্ষ্যেৰে আৰম্ভ হৈছে এই অভিযান। মৰিগাঁও জিলাৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ কাৰ্যালয় চৌহদত ৰবিবাৰে এই অভিযানটি আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয়। মৰিগাঁও জিলাৰ অতিৰিক্ত উপায়ুক্ত দ্যোতিভা ভৰাই ফিটা কাটি অনুষ্ঠানটি শুভাৰম্ভ কৰে। তদুপৰি অতিৰিক্ত উপায়ুক্তগৰাকীয়ে শিশু এটিক পলিঅ’ প্ৰতিষেধক দুটোপাল খুৱাই কাৰ্যসূচীৰ উদ্বোধন কৰে। উল্লেখ্য যে, মৰিগাঁও জিলাখনত এইবাৰ ৫ বছৰ বয়সৰ তলৰ ১,৩৫, ৩৭৪ গৰাকী শিশুক পলিঅ’ ৰ প্ৰতিষেধক প্ৰদান কৰা হ’ব। জিলাখনত পালচ্ পলিঅ’ অভিযানটি যাতে সফলভাৱে ৰূপায়ন কৰিব পৰা যায় তাৰ বাবে ৮৯৪ টা বুথ স্থাপন কৰা হৈছে। তদুপৰি ৩২৩৪ গৰাকী কৰ্মী নিয়োগ কৰা হৈছে। আনহাতে, প্ৰতিষেধক প্ৰদানৰ পিছত উদ্ভৱ হ’ ব পৰা যিকোনো ধৰণৰ অবাঞ্চিত ঘটনা মোকাবিলা কৰিব পৰাকৈ জিলা খনত ৩০ খনকৈ কেন্দ্ৰ স্থাপন কৰা হৈছে। আজিৰ এই অনুষ্ঠানত মুখ্য চিকিৎসা ও স্বাস্থ্য বিষয়া ডা:দুলাল চন্দ্ৰ মেধি, অধীক্ষক ডা: অৰুণ কুমাৰ নাথ, প্ৰতিষেধক বিষয়া ডা:নিৰঞ্জন কোৱঁৰ, কম্পিউটৰ নৱ কুমাৰ মেধিৰ লগতে কেবাগৰাকী স্বাস্থ্য কৰ্মী উপস্থিত থাকে ।