Daily Time Axom

৪৭ বছৰ বয়সতো হাইস্কুল শিক্ষান্ত পৰীক্ষা দি দ্বিতীয় বিভাগত উৰ্ত্তীণ হ’ল এগৰাকী তিনি সন্তানৰ মাতৃ

0 41

সুদীৰ্ঘ ৩০ বছৰৰ অন্তত মৰিগাঁও জিলাৰ আটাইতকৈ বয়োজ্যেষ্ঠ ছাত্ৰী ৪৭ বছৰীয়া মহিলাই এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত দ্বিতীয় বিভাগত উৰ্ত্তীণ হবলৈ সক্ষম হৈছে ৷ তেখেত বৰ্তমান তিনি সন্তানৰ মাতৃ ডাঙৰ ছোৱালী বি. এ 3rd Semester ৰ ছাত্ৰী ৷ মহিলা গৰাকীৰ নিজৰ প্ৰৱল ইচ্ছা থকাৰ লগতে তেখেতৰ স্বামী আৰু সন্তানৰ পৰা পোৱা প্ৰেৰণাত মেট্ৰিক পৰীক্ষা দিয়াৰ সিদ্ধান্ত লয় ৷ আৰু বৰবড়ী মিলন ছেকেণ্ডাৰী স্কুলত যোৱাবাৰ নাম ভৰ্তি কৰি এইবাৰ মেট্ৰিক পৰীক্ষাত বহী 58 শতাংশ নম্বৰলৈ দ্বিতীয় বিভাগত সফলতাৰে উৰ্ত্তীণ হয় ৩০ বছৰ আগত মহাবাহু ব্ৰহ্মপুত্ৰই ঘৰ দোৱাৰ ভাঙি দিয়াৰ পাছত আৰ্থিক অনাটনৰ লগতে অন্যান্য অসুবিধাৰ কাৰণে মেট্ৰিকৰ দেউনা পাৰ হবপৰা নাছিল যাৰ বাবে কিছু বছৰৰ পাছতেই বৰ্তমান কৰ্মৰত বৰবড়ী মিলন ছেকেণ্ডাৰী স্কুলৰ সহকাৰী শিক্ষক ফাইজুল হকৰ লগত বৈবাহিক জীৱন আৰম্ভ কৰে ৷ এই খৱৰে তেখেত সকলৰ ঘৰখনৰ লগতে আনন্দত উৎফল্লিত হৈপৰিছে মৰিগাঁও জিলাৰ মায়ং অঞ্চলৰ ৰাইজ ৷ এতিয়া তেখেতে মন মেলিছে উকিল হবলৈ ৷ বয়স যে শিক্ষাৰ ক্ষেত্ৰত হেঙাৰ হব নোৱাৰে তাৰ জলনন্ত উদাহৰণ মৰিগাঁও জিলাৰ জাগীৰোড থানাৰ অন্তৰ্গত কাৰছোবড়ী কলবাৰীৰ এই ৪৭ বছৰীয়া মহিলা জাহানাৰা বেগম ৷

Leave A Reply

Your email address will not be published.