দিল্লীৰ ৰাজপথত প্ৰেমিকাক ২০ বাৰতকৈও অধিক ছুৰীৰে আঘাত,৬ বাৰ ডাঙৰ শিলেৰে মূৰত মাৰি হত্যা

দিল্লীত এগৰাকী কিশোৰীক ছুৰীৰে আঘাত কৰি হত্যা কৰে অভিযুক্ত সাহিলে (২০)। সোমবাৰে বিয়লি ৩ বজাত বুলন্দশ্বহৰৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে হত্যাকাৰীক। সাহিলৰ ঘৰৰ মালিকে কয় যে তেওঁৰ পিতৃৰ নাম সৰফৰাজ আৰু তেওঁ ২ বছৰ ধৰি বৰৱালাৰ জৈন কলনীত পৰিয়ালৰ সৈতে আছে।

দেওবাৰে সন্ধিয়া শ্বাহবাদ ডেইৰী এলেকাত সাহিলে ১৬ বছৰীয়া সাক্ষীক নৃশংসভাৱে হত্যা কৰিছিল সাহিলে। মৰণোত্তৰ পৰীক্ষাৰ চুটি প্ৰতিবেদনত সাক্ষীৰ মৃতদেহত ১৬টা ছুৰীৰ ঘা পোৱা গৈছে। আনহাতে মূৰত শিলগুটি মৰা ফলত তেওঁৰ মূৰ ফাটি গৈছিল। সাক্ষীৰ সবিশেষ মৰোনোত্তৰ ৰিপৰ্ট এতিয়াও পোৱা নাই।


ভাইৰেল ভিডিঅ’ত দেখা গৈছে- সাহিলে ২০বাৰতকৈও অধিক আক্ৰমণ কৰিছে।
সাহিলে সাক্ষীক আক্ৰমণ কৰাৰ সময়ত ওচৰৰ চিচিটিভিত বন্দী হৈছিল এই ঘটনা।য’ত দেখা যায় যে সাহিলে সাক্ষীক ২০ বাৰতকৈ অধিক ছুৰীৰে আঘাত কৰিছিল আৰু লগতে ৬ বাৰ শিলেৰে আঘাত কৰিছিল। আৰক্ষীৰ মতে, দুয়োৰে মাজত প্ৰেমৰ সম্পৰ্ক আছিল যদিও শনিবাৰে দুয়োৰে মাজত কোনো এটা বিষয়ক লৈ কাজিয়া হৈছিল।

AssamDaily time axomIndiaInternational
Comments (0)
Add Comment