Daily Time Axom

খাৰঘূলিৰ পাছত এইবাৰ পানীৰ পাইপ ফুটিল মালিগাঁৱত, জলমগ্ন হৈ পৰিল মালিগাঁও চাৰিআলি

64

নিউজ ডেস্ক, ২৯ মে’- খাৰঘূলিৰ পাছত এইবাৰ পানীৰ পাইপ ফুটিল মালিগাঁৱত। নিমিষতেই জলমগ্ন হৈ পৰিল মালিগাঁও চাৰিআলি। জালুকবাৰীৰ নিৰ্মীয়মান উৰণ সেঁতুৰ তলত এই ঘটনা সংঘটিত হয়। ফলত বহু সময় ধৰি সৃষ্টি হয় তীব্ৰ যানজঁটৰ।

উল্লেখ্য যে, ২৫ মে’ত মহানগৰীৰ খাৰঘূলিত ফুটিছিল জাইকাৰ পানীৰ পাইপ। সেই জল বিস্ফোৰণত নিহত হৈছিল এগৰাকী মহিলা। ক্ষতিগ্ৰস্ত হৈছিল বহু লোকৰ ঘৰ–দুৱাৰ, যান–বাহন আদিৰ। খাৰঘূলিৰ ঘটনাৰ পাছতেই মালিগাঁৱত হোৱা ঘটনাই উদঙাইছে কৰ্তৃপক্ষৰ ফোপোলা স্বৰূপ।

Comments are closed, but trackbacks and pingbacks are open.