নিউজ ডেস্ক, ২৯ মে’- নিশা মহানগৰীৰ জালুকবাৰীত শোকাৱহ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত থিতাতে নিহত অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ৭জনকৈ ছাত্ৰ। ছাত্ৰকেইজনৰ স্কৰপিঅ’ বাহনে নিয়ন্ত্ৰণ হেৰুৱাই বলেৰ’ পিকআপ ভানত খুন্দা মৰাৰ ফলতে সংঘটিত হয় এই দুৰ্ঘটনা। নিহত ছাত্ৰকেইজন মাজুলীৰ কমলাবাৰীৰ ৰাজকিৰণ ভূঞা, ডিব্ৰুগড়ৰ ইমন গায়ন, চৰাইদেউৰ বকতা লাইপালেঙৰ কৌশিক মোহন, নগাঁৱৰ উপাংশু শৰ্মা, মঙলদৈৰ জ্যোতিনগৰৰ কৌশিক বৰুৱা, গুৱাহাটীৰ অৰিন্দম ভল্লাল আৰু গোলাঘাটৰ নিয়ৰ ডেকা। নিহত ছাত্ৰকেইজন আছিল AEC ৰ ৭ নম্বৰ ছাত্ৰাবাসৰ।
দুৰ্ঘটনাত বলেৰ’ পিকআপখনত থকা ৩জন লোক গুৰুতৰভাৱে আহত হয়। ব্ৰইলাৰ ভৰ্তি আছিল দুৰ্ঘটনাগ্ৰস্ত বলেৰ’ পিকআপখন। আহত আটাইকেইজনকে GMCHত ভৰ্তি কৰোৱা হয়। জানিব পৰা মতে, ছাত্ৰকেইজন থকা স্কৰপিঅ’খনৰ পৰা উদ্ধাৰ কৰা হৈছে সুৰাৰ বটল।
Comments are closed, but trackbacks and pingbacks are open.