আজি শুভাৰম্ভ হ’ব ‘বন্দে ভাৰত এক্সপ্ৰেছ’

নিউজ ডেস্ক, ২৯ মে’- আজি শুভাৰম্ভ হ’ব ‘বন্দে ভাৰত এক্সপ্ৰেছ’। ১২ বজাত ভিডিঅ’ কনফাৰেন্সিংযোগে শুভাৰম্ভ কৰিব প্ৰধানমন্ত্ৰীয়ে। মুকলি অনুষ্ঠানত উপস্থিত থাকিব কেন্দ্ৰীয় ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱ আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। গুৱাহাটীৰ পৰা পশ্চিমবংগৰ নিউ জলপাইগুৰিলৈ চলিব বন্দে ভাৰত এক্সপ্ৰেছ। ৪১১ কিলোমিটাৰ দূৰত্ব ৫ ঘণ্টা ৩০ মিনিটত অতিক্ৰম কৰিব ৰে’লখনে।

নিউ আলিপুৰদুৱাৰ, কোকৰাঝাৰ, নিউ বঙাইগাঁও আৰু কামাখ্যা ষ্টেচনত ৰ’ব এই বিশেষ ৰেলখন। ৮টা দবা বিশিষ্ট এই ৰেলখন প্ৰতি সপ্তাহত ৬দিনকৈ চলিব।পুৱা ৬ বাজি ১০ মিনিটত নিউ জলপাইগুৰিৰ পৰা গুৱাহাটীলৈ চলিব বন্দে ভাৰত এক্সপ্ৰেছ। আবেলি ৪.৩০ বজাত গুৱাহাটীৰ পৰা নিউ জলপাইগুৰিলৈ ৰাওনা হ’ব ৰেলখন।প্ৰধানমন্ত্ৰীয়ে ফ্লেগ অফ কৰাৰ পাছতে দেশবাসীয়ে লাভ কৰিব ১৯ সংখ্যক বন্দে ভাৰত এক্সপ্ৰেছ।

AssamAssamese NewsDaily time axomGuwahatiHimanta Biswa SarmaIndiaNarendra Modi