ইটালীৰ ভেনিচ চহৰক সপোনৰ চহৰ বুলি কোৱা হয়।
চহৰখনৰ মাজেৰে বৈ যোৱা বহুতো খালৰ বাবে ভেনিচ বিশ্ববিখ্যাত। শেহতীয়াকৈ এই খালবোৰৰ পানী যথেষ্ট হ্ৰাস পাইছিল। এতিয়া দেখা গ’ল যে ভেনিচৰ গ্ৰেণ্ড কেনেলৰ পানী হঠাতে সেউজীয়া হৈ পৰিছে। কিয় এনে হ’ল সেই সন্দৰ্ভত আলোচনা চলি আছে।আন্তঃৰাষ্ট্ৰীয় সংবাদ সংস্থাৰ সূত্ৰ অনুসৰি তদন্ত আৰম্ভ হৈছে।
পানীৰ এনে অৱস্থা দেখি পৰ্যটকৰ দুখ। ধুনীয়া পৰিষ্কাৰ পানী কেনেকৈ সেউজীয়া হৈ পৰিল কোনেও বুজি নাপায়। ভেনিচৰ গণ্ডোলা চলাবলৈ চেণ্ট মাৰ্ক স্কোৱাৰত আটাইতকৈ জনপ্ৰিয় স্থান। তাত থকা পানীৰ ৰংও সেউজীয়া। স্থানীয় দৈনিক কাকত লা নুৱেভা ভেনেজিয়াই প্ৰকাশ কৰা অনুসৰি দেওবাৰৰ এই কাণ্ড জলবায়ু পৰিৱৰ্তন কৰ্মীসকলৰ প্ৰতিবাদ হ’ব পাৰে নেকি সেই বিষয়ে আৰক্ষীয়ে তদন্ত কৰি আছে।