উত্তৰ কোৰিয়াৰ চোৰাংচোৱা উপগ্ৰহ উৎক্ষেপণৰ ঘোষণাৰ পিছত এতিয়া সষ্টম হৈ পৰিছে জাপান। ৩১ মে’ৰ পৰা ১১ জুনৰ ভিতৰত পিয়ংইয়াঙে এই উপগ্ৰহটো উৎক্ষেপণৰ কথা। ইয়াৰ উত্তৰত সোমবাৰে টকিঅ’ই বেলিষ্টিক মিছাইল ডিফেন্সক সষ্টম হ’বলৈ কয়। টকিঅ’ই স্পষ্ট কৰি দিছে যে অঞ্চলটোক ভাবুকি কঢ়িয়াই অনা কাৰ্যক কঠোৰভাৱে প্ৰতিহত কৰা হ’ব।
জাপানৰ সেনাই কয় যে উত্তৰ কোৰিয়াৰ ক্ষেপণাস্ত্ৰ যদি নিজৰ ভূখণ্ডত অৱতৰণ কৰে তেন্তে কঠোৰ প্ৰতিশোধ লোৱা হ’ব। যদি উত্তৰ কোৰিয়াই নিয়ম উলংঘা কৰি এনে কাৰ্য সংঘটিত কৰে তেন্তে তেওঁলোকে অলসভাৱে বহি নাথাকিব। পাৰস্পৰিক ব্যৱস্থা গ্ৰহণ কৰিব।