Daily Time Axom

জম্মু-শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা, দলঙৰ পৰা খাৱৈত পৰিল যাত্ৰীভৰ্তি বাছ

71

নিউজ ডেস্ক, ৩০ মে’- জম্মু-কাশ্মীৰত ভয়ংকৰ বাছ দুৰ্ঘটনা। গভীৰ খাদত পৰি ১০ জন লোকৰ কৰুণ মৃত্যু। অমৃতসৰৰ পৰা কাটৰা অভিমুখী আছিল বাছখন। দুৰ্ঘটনাত ২০ জনকৈ লোক গুৰুতৰভাৱে আহত হয়।

স্থানীয় বাসিন্দা আৰু আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে। আহতসকলক জম্মুৰ জিএমচি চিকিৎসালয়লৈ লৈ যোৱা হৈছিল।

জানিব পৰা মতে, তীৰ্থযাত্ৰীসকলে মাতা বৈষ্ণো দেৱী মন্দিৰলৈ গৈ আছিল। জম্মুৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক চন্দন কোহলীয়ে জনায় যে, বৰ্তমানেও উদ্ধাৰ অভিযান অব্যাহত আছে।

Comments are closed, but trackbacks and pingbacks are open.