গোৱালপাৰাৰ কৃষ্ণাই শালপাৰা দৰাপাৰাত নিশা উত্তপ্ত পৰিস্থিতি, বন মাফিয়াৰ আক্রমণত নিহত বন বিভাগৰ এজন লোক

নিউজ ডেস্ক, ৩০ মে’- গোৱালপাৰাৰ কৃষ্ণাই শালপাৰা দৰাপাৰাত নিশা উত্তপ্ত পৰিস্থিতি। বন বিভাগৰ লোকক আক্রমণ চোৰাং কাঠ মাফিয়া আৰু একাংশ স্থানীয়ৰ। আক্রমণত নিহত বন বিভাগৰ এজন লোক। গুৰুতৰভাৱে আহত আন তিনিজন। চোৰাং কাঠ মাফিয়াৰ আক্ৰমণত নিহত বনকৰ্মী ৰাজবীৰ আহমেদ।দা, খুকুৰি, লাঠীৰে বনকৰ্মীক আক্ৰমণ চোৰাং কাঠ মাফিয়াৰ।

আহত লোককেইজন মবিনুৰ ৰহমান, নজৰুল ইছলাম আৰু মস্তফা আলী। আহতসকলক উন্নত চিকিৎসাৰ বাবে GMCHত ভৰ্তি কৰোৱা হয়।

উল্লেখ্য যে, বৰো মাটিয়া সংৰক্ষিত বনাঞ্চলত অভিযান চলাইছিল বন বিভাগে। এখন ট্রেক্টৰসহ কটা শাল গছ জব্দ কৰিছিল দলটোৱে। ট্রেক্টৰসহ শাল গছ বন বিভাগৰ কাৰ্যালয়লৈ আনি থকাৰ সময়তে এই আক্রমণ বন মাফিয়াৰ।

AssamAssamese NewsDaily time axomGoalparaIndiaInjuredKilled