নিউজ ডেস্ক, ৩১ মে’- উত্তৰাখণ্ডৰ হৰিদ্বাৰত এক ভয়ংকৰ পথ দুৰ্ঘটনা। ৪১ জন যাত্ৰী কঢ়িয়াই অনা এখন বাছ ২০ মিটাৰ দ খাৱৈত বাগৰি পৰে। দুৰ্ঘটনাত থিতাতে নিহত হয় শিশুসহ দুজন লোকে।
হৰিদ্বাৰৰ চণ্ডী চ’কৰ পৰা প্ৰায় ২০০ মিটাৰ আগুৱাই নাজিবাবাদ অভিমুখে বাছখন নিয়ন্ত্ৰণ হেৰুৱাই ২০ মিটাৰ তলৰ খাৱৈত পৰি যায়। ঘটনাস্থলীত উপস্থিত হৈ এছডিআৰএফৰ দলে সাহায্য আৰু উদ্ধাৰ অভিযান চলাই আহতসকলক চিকিৎসালয়ত ভৰ্তি কৰে।
এই দুৰ্ঘটনাত বাছ কণ্ডাক্টৰ আৰু এটি ১০ মহীয়া কন্যা শিশুৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে। দুৰ্ঘটনাত আহত ৪ জনৰ অৱস্থা অতি সংকটজনক বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে।