বনকৰ্মীক আক্ৰমণৰ ঘটনাৰে জড়িতৰ অভিযোগত পুনৰ ৪জনক কৰায়ত্ত আৰক্ষীৰ

নিউজ ডেস্ক, ৩১ মে’- বনকৰ্মীক আক্ৰমণৰ ঘটনাৰে জড়িতৰ অভিযোগত আৰু ৪জনক কৰায়ত্ত আৰক্ষীৰ। আনন্দ ৰাভা, প্ৰফুল্ল ৰাভা, প্ৰহ্লাদ ৰাভা আৰু ৰজনী ৰাভা নামৰ অভিযুক্তকেইজনক আটক কৰি আৰক্ষীৰ জেৰা অব্যাহত। শীঘ্ৰেই এইকেইজনক গ্ৰেপ্তাৰ কৰিব আৰক্ষীয়ে। ইতিমধ্যে গ্ৰেপ্তাৰ হৈছে মহেন ৰাভা, দুলাল ৰাভা, সূৰুয ৰাভা, ভদ্ৰেশ্বৰ ৰাভা নামৰ অভিযুক্তকেইজন।

উল্লেখ্য যে, গোৱালপাৰাৰ কৃষ্ণাই আঞ্চলিক বন বিভাগৰ অন্তৰ্গত কৃষ্ণাই শালপাৰা দৰাপাৰাত সোমবাৰে নিশা বনকৰ্মীৰ দলৰ ওপৰত চলিছিল আক্ৰমণ। এই ঘটনাত নিহত হৈছিল বনকৰ্মী ৰাজবীৰ আহমেদ। আনহাতে ৩জন বনকৰ্মীয়েও পাইছিল আঘাত।

ArrestAssamAssamese NewsDaily time axomGoalparaGoalpara PoliceIndia