Daily Time Axom

আগন্তুক কেইবাদিন ধৰি ৰাজ্যত অব্যাহত থাকিব প্ৰচণ্ড তাপ, এই আগজাননী আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ

71

নিউজ ডেস্ক, ৩১ মে’- উৎকট গৰমে দহিছে ৰাজ্য। আগন্তুক কেইবাদিন ধৰি অব্যাহত থাকিব প্ৰচণ্ড তাপ। অৱশ্যে আংশিকভাৱে বতৰ ডাৱৰীয়া হোৱাৰ লগতে পাতলীয়া বৰষুণৰো সম্ভাৱনা আছে। বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ এই আগজাননী।

গুৱাহাটী মহানগৰত আগন্তুক দুদিনলৈ তাপমান ৩৬/৩৭ ডিগ্ৰী চেলছিয়াছ হোৱাৰ সম্ভাৱনা আছে। মঙলবাৰে দিনটোত গুৱাহাটী মহানগৰীৰ সৰ্বোচ্চ তাপমান ৩৭ ডিগ্ৰী , ডিব্ৰুগড়ত ৩৬.২ ডিগ্ৰী , তেজপুৰত ৩৭ ডিগ্ৰী , শিলচৰত ৩৬.১ ডিগ্ৰী, ধুবুৰীত ৩৫.৩ ডিগ্ৰী , যোৰহাটত ৩৫.৭ ডিগ্ৰী আৰু উত্তৰ লক্ষীমপুৰৰ তাপ মান ৩৬.৪ ডিগ্ৰী চেলছিয়াছ আছিল।

Comments are closed, but trackbacks and pingbacks are open.