Daily Time Axom

নগাঁও আৰক্ষীত পুনৰ ৰদবদল, ১৭ গৰাকীকৈ আৰক্ষীক কৰা হৈছে ৰদবদল

32

নিউজ ডেস্ক, ৩১ মে’- নগাঁও আৰক্ষীত পুনৰ ৰদবদল। ১৭ গৰাকীকৈ আৰক্ষীক কৰা হৈছে ৰদবদল।

জখলাবন্ধা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া পৱন কলিতাক কামপুৰ আৰক্ষী থানালৈ বদলি কৰা হৈছে। কামপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মণিৰাম কলিতাক ৰহা আৰক্ষী থানালৈ বদলি কৰা হৈছে।

ৰহা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সম্প্ৰীতি হাজৰিকাক জাজৰি আৰক্ষী থানালৈ আৰু জাজৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া তুষাৰজ্যোতি বৰাক বদলি কৰা হৈছে উলুৱনি আৰক্ষী থানালৈ।

উলুৱনি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰঞ্জিত গগৈক বদলি খাটোৱাল আৰক্ষী থানালৈ। কচুৱা আৰক্ষী থানালৈ বদলি কৰা হৈছে ধিং আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজা ইছাদক। আনহাতে ধিং আৰক্ষী থানালৈ বদলি কৰা হৈছে চামগুৰিৰ ভাৰপ্ৰাপ্ত বিষয়া অদিথ বড়োক।

বাগৰিৰ আই চি অজিত সোণোৱালক বদলি কৰা হৈছে ইটাচালিলৈ। জুৰীয়াৰ ভাৰপ্ৰাপ্ত বিষয়া মুন্না পাচনিক বদলি কৰা হৈছে জখলবন্ধা আৰক্ষী থানালৈ। ননৈৰ আই চি বিভূতি থাপাক বদলি কৰা হৈছে মৰিকলঙলৈ।

বেবেজিয়াৰ আই চি চিৰঞ্জীৱ লাহনক বাগৰি আৰক্ষী থানালৈ বদলি। ৰূপহীহাট থানাৰ আই চি ফিৰোজ দলেক লাওখোৱা চাপৰিলৈ বদলি। আনহাতে লাওখোৱা চাপৰিৰ ভাৰপ্ৰাপ্ত বিষয়া মিতু দাসক জুৰীয়া থানালৈ বদলি কৰা হৈছে।

Comments are closed, but trackbacks and pingbacks are open.