নিউজ ডেস্ক, ৩১ মে’- জম্মু-কাশ্মীৰত আটক ৩টাকৈ সন্ত্ৰাসবাদী। পুঞ্চ খণ্ডৰ নিয়ন্ত্ৰণৰেখাত আটক সন্ত্ৰাসবাদীকেইটাক। ভাৰতীয় সেনাই আটক কৰে সন্ত্ৰাসবাদীকেইটাক। প্ৰথমে দুয়ো পক্ষৰ মাজত হয় গুলীয়াগুলী। সন্ত্ৰাসবাদীৰ গুলীত আহত এজন ভাৰতীয় সেনা।
আটকাধীন সন্ত্ৰাসবাদীকেইজন কাৰমাৰাৰ মহম্মদ ফাৰুক, মহম্মদ ৰিয়াজ আৰু মহম্মদ জুবেইৰ বুলি জানিব পৰা গৈছে। বৰ্তমান অঞ্চলটো ঘেৰাও কৰা হৈছে আৰু অনুসন্ধান অভিযান চলি আছে।
সন্ত্ৰাসবাদীকেইটাৰ পৰা জব্দ কৰা হৈছে এটা এ কে এছল্ট ৰাইফল, দুটা পিষ্টল, ছয়টা গ্ৰেনেড, এটা ১০ কিলোগ্ৰাম ওজনৰ আইইডি।
পৰৱৰ্তী সময়ত বোমা নিষ্কাশনকাৰী দলৰ বিশেষজ্ঞসকলে আইইডিটো নিষ্ক্ৰিয় কৰে।
Comments are closed, but trackbacks and pingbacks are open.