আপোনজনক হেৰুৱাই এতিয়া বিচলিত হৈছে আলিয়া ভাট

আলিয়া ভাটৰ ককাক নৰেন্দ্ৰ ৰাজদান আৰু নাই।

তেওঁৰ বয়স আছিল ৯৩ বছৰ। যথেষ্ট দিন ধৰি তেওঁ চেনিলিটিত ভুগি আছিল। যোৱা সপ্তাহত তেওঁৰ কন্যা ছোনী ৰাজদানে তেওঁক চিকিৎসালয়ত ভৰ্তি কৰিছিল আৰু বৃহস্পতিবাৰে ককাকক হেৰুৱাই মৰ্মাহত আলিয়া। ছ’চিয়েল পেজত প্ৰয়াত ককাকৰ বাবে লিখিছে এই মৰ্মস্পৰ্শী বাৰ্তা। ককাকৰ অসুস্থতাৰ বাবে তেওঁ আই আই এফ এ বঁটাৰ মঞ্চত উপস্থিত থকাৰ বাতিল কৰে।

নৰেন্দ্ৰৰ ৯২ সংখ্যক জন্মদিনত তেওঁৰ ঘনিষ্ঠ লোকে বহু ধুমধামেৰে উদযাপন কৰে। কেক কটাৰ সময়ত জোঁৱাই ৰণবীৰ কাপুৰো উপস্থিত আছিল।

সেই সময়ত নৰেন্দ্ৰই কৈছিল যে যিকোনো পৰিস্থিতিতে সদায় হাঁহি থাকিব লাগে। তেতিয়াহে জীৱনটো সুন্দৰ হয়। ইয়াৰ উপৰিও তেওঁ ককাকক ‘নায়ক’ বুলিও উল্লেখ কৰিছিল। অভিনেত্ৰীগৰাকীয়ে লিখিছে, ‘মোৰ ককা। মোৰ নায়ক! ৯৩ বছৰ বয়সতো তেওঁ গ’ল্ফ খেলিছিল। সকলো কাম কৰিলে অমলেট বনাই, ভায়লিন বজাই, নাতিনীয়েকৰ লগত বজাই, ছবি আঁকি তেওঁ নিজকে ব্যস্ত কৰি ৰাখিছিল। আৰু পৰিয়ালটোক ভাল পাইছিলোঁ!

AssamAssamese NewsbollywoodDaily time axomGuwahatiIndiaInternationalNew Delhi
Comments (0)
Add Comment