নিউজ ডেস্ক, ১ জুনঃ বৰপেটাৰোডত নিশা গুলীচালনাৰ ঘটনা। ষ্টেট বেংকৰ এটা CSP চেণ্টাৰত দুৰ্বৃত্তৰ গুলীচালনা। ধন দাবী কৰি দুই জাঁইকৈ গুলীচালনা কৰে দুৰ্বৃত্তই।
৩ লাখ টকা লুটৰ অপচেষ্টাৰে গুলীবৰ্ষণ দুৰ্বৃত্তৰ।স্বত্বাধিকাৰী শ্বাহ আলমে CSP বন্ধ কৰাৰ সময়তে এই অঘটন। স্বত্বাধিকাৰী আলম আৰু সহযোগীয়ে সাহসেৰে কৰায়ত্ত কৰে এটা ডকাইত। একাংশ লোকৰ প্ৰহাৰত আহত হয় ফজল আলী নামৰ এজন দুৰ্বৃত্ত।
আহত ফজলক বৰপেটা মেডিকেল কলেজত ভৰ্তি কৰোৱা হয়। ডকাইত ফজল আলীৰ ঘৰ হাজোৰ বিজুলীঘাটত বুলি জানিব পৰা গৈছে। ঘটনাস্থলীৰ পৰা বাইকসহ পলায়ন কৰিবলৈ সক্ষম হয় আন এজন দুৰ্বৃত্ত।
Comments are closed, but trackbacks and pingbacks are open.