Daily Time Axom

ৰঙিয়াৰ চেপ্তিত স্কুল বাছ দুৰ্ঘটনাগ্ৰস্ত

53

নিউজ ডেস্ক, ১ জুনঃ ৰঙিয়াৰ চেপ্তিত স্কুল বাছ দুৰ্ঘটনাগ্ৰস্ত। SERS পাব্লিক স্কুলৰ বাছৰ সৈতে সংঘৰ্ষ এখন যাত্ৰীবাহী বাছৰ।দুৰ্ঘটনাত কথামপি প্ৰাণ ৰক্ষা যাত্ৰীসকলৰ। বৃহস্পতিবাৰে পুৱাৰ ভাগত সংঘটিত হয় এই পথ দুৰ্ঘটনাটো।

বৰপেটা অভিমুখী আছিল যাত্ৰীবাহী বাছখন। দুৰ্ঘটনাত প্রায় ২০ গৰাকী যাত্রী আহত হয়। সৌভাগ্যক্রমে স্কুলবাছখনত নাছিল কোনো শিক্ষাৰ্থী। আহতসকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

Comments are closed, but trackbacks and pingbacks are open.