প্ৰতিদিনে ১০ লাখ কণী ভাৰতৰ পৰা শ্ৰীলংকালৈ যাব

আৰ্থিকভাৱে দেউলীয়া হোৱা চুবুৰীয়া ৰাষ্ট্ৰ শ্ৰীলংকাৰ খাদ্য সংকট চৰম পৰ্যায়ত আছে।

দ্বীপ ৰাষ্ট্ৰখনত কণীৰ উৎপাদন ভয়ংকৰ হাৰত হ্ৰাস পাইছে। এনে পৰিস্থিতিত দেশৰ অন্যতম চুবুৰীয়া বন্ধু দেশ ভাৰতে কণী সংকট সমাধানৰ বাবে সহায়ৰ হাত আগবঢ়াইছে। ভাৰত চৰকাৰে দেশৰ পাঁচখন ফাৰ্মৰ পৰা প্ৰতিদিনে ১০ লাখ কণী শ্ৰীলংকালৈ প্ৰেৰণ কৰাৰ সিদ্ধান্ত লৈছে।
দ্বীপ ৰাষ্ট্ৰৰ সৰ্বোচ্চ ব্যৱসায়িক সংস্থা শ্ৰীলংকা ৰাজ্যিক বাণিজ্য নিগমৰ অধ্যক্ষ আছিৰি বালিসুন্দাৰে এই তথ্য অৱগত কৰে। তেওঁ কয়, ‘আগতে ভাৰতৰ দুখন ফাৰ্মৰ পৰা ২০ লাখ কণী আমদানি কৰা হৈছিল। ইয়াৰে ১০ লাখ কণী ইতিমধ্যে বজাৰত উপস্থিত হৈছে।
শ্ৰীলংকাৰ পশু উৎপাদন বিভাগে আৰু তিনিখন ভাৰতীয় পামৰ পৰা কণী আমদানি কৰিবলৈ অনুমোদন জনাইছে। শ্ৰীলংকাৰ বেকাৰী, বিস্কুট কোম্পানী, ৰেষ্টুৰেণ্ট আৰু কেটাৰিং কোম্পানীয়ে ভাৰতৰ পৰা কণী ক্ৰয় কৰিছে।

AssamAssamese NewsDaily time axomIndiaInternationalNew Delhi
Comments (0)
Add Comment