নিউজ ডেস্ক, ২ জুনঃ কৰিমগঞ্জৰ একলাবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা। মছজিদলৈ গৈ থাকোঁতেই পুৱাই দুৰ্ঘটনাত পতিত হৈ কৰুণ মৃত্যুক সাৱটিলে এটি কণমানিয়ে। দ্ৰুতবেগী ডাম্পাৰৰ খুন্দাত প্ৰাণ গ’ল ৮ বছৰীয়া মুৰাদ উদ্দিন নামৰ শিশুটিৰ। আনহাতে দুৰ্ঘটনাত শিশুটিৰ দুই ভগ্নীও গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। আহত দুয়োকে ভৰ্তি কৰোৱা হৈছে হাস্পতালত।ক্ষুব্ধ ৰাইজে প্ৰায় এঘণ্টা ধৰি আবদ্ধ কৰি ৰাখে ৰাজপথ।