জনতাৰ মূৰত আন এক ৰামটাঙোন, পুনৰ বাঢ়িল বিদ্যুতৰ মাচুল

নিউজ ডেস্ক, ২ জুনঃ জনতাৰ মূৰত আন এক ৰামটাঙোন। পুনৰ বাঢ়িল বিদ্যুতৰ মাচুল। ইন্ধন, শক্তি ক্ৰয়ৰ নামত মাচুল বৃদ্ধি কৰিলে APDCL-এ।

এই অনুসৰি নিম্ন প্রাবল্যৰ ঘৰুৱা গ্ৰাহকে প্রতি ইউনিটত ৩০ পইচাকৈ আৰু বাকী অন্য গ্রাহকে প্রতি ইউনিটত ৭০ পইচাকৈ বর্ধিত বিদ্যুৎ মাচুল আদায় দিব লাগিব।

জাননী অনুসৰি, ১২০ ইউনিট ব্যৱহাৰ কৰা গ্রাহকে প্রতি ইউনিটত ৫.২৫টকাকৈ, ১২১-২৪০ ইউনিট ব্যৱহাৰ কৰা উপভোক্তাই ৭.৩০ টকাকৈ আৰু ৫-৩০ কিলোৱাট ব্যৱহাৰ কৰা গ্রাহকে দিব লাগিব ৮.১৫ টকাকৈ। লগতে বাণিজ্যিক গ্রাহকে দিব লাগিব ৮.৬০ টকাকৈ।

APDCLAssamAssamese NewsDaily time axomGuwahatiIndiaPrice Hike