নিউজ ডেস্ক, ৩ জুনঃ উৰিষ্যাৰ বালাচোৰত সংঘটিত ৰে’ল দুৰ্ঘটনাৰ ফলত ৪৮খন ৰে’লৰ যাত্ৰা বাতিল কৰা হৈছে৷ আনহাতে ৩৯খন ৰে’লৰ যাত্ৰাপথ সলনি কৰা হয়৷ ইয়াৰে ভিতৰত অসমলৈ অহা দুখনকৈ ৰে’লৰ চলাচল বাতিল হৈছে।
২ জুনৰ 12509 SMVT BENGALURU- GUWAHATI SUPERFAST EXPRESS আৰু আজি পুৱাৰ 12551 SMVB BENGALURU-KAMAKHYA AC SUPERFAST EXPRESS ৰে’লৰ চলাচল বাতিল হৈছে।
উল্লেখ্য যে, বালাছোৰত সংঘটিত এই দুৰ্ঘটনাত তিনিখন ৰে’লৰ মাজত সংঘৰ্ষ হয়। কৰমণ্ডল, যশৱন্তপুৰ এক্সপ্ৰেছৰ আৰু এখন মালবাহী ৰে’লো দুৰ্ঘটনাত পতিত হয়। ৰে’ল দুৰ্ঘটনাত মৃতকৰ সংখ্যা ২৮৮জনলৈ বৃদ্ধি আৰু আহত হৈছে ৯০০ৰো অধিক যাত্ৰী।