নিউজ ডেস্ক, ৩ জুনঃ নিশা শিলচৰৰ ৰামনগৰ বাইপাছৰ পেচাডহৰত ভয়ংকৰ পথ দুৰ্ঘটনা৷ দুৰ্ঘটনাত থিতাতে নিহত ৩জনকৈ যুৱক৷ স্কুটাৰ-বাইকৰ মাজত মুখামুখি সংঘৰ্ষত এই দুৰ্ঘটনা সংঘটিত হয় ৷ মৃত যুৱককেইজন ৰোহন চৌধুৰী, চুয়েল খান, কুনাল কৰ ৷ আনহাতে দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় দীপাঞ্জন দত্ত নামৰ আন এজন যুৱক৷ আহত দীপাংকৰক শিলচৰ মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰোৱা হৈছে।