Daily Time Axom

মহাভাৰতৰ ”শকুনি মামা” গুচি গ’ল অজান দেশলৈ

64

নিউজ ডেস্ক, ৫জুনঃ মহাভাৰতৰ ”শকুনি মামা” গুচি গ’ল অজান দেশলৈ ।চোপ্ৰাৰ টিভি শ্ব’ মহাভাৰতৰ শকুনি মামাৰ চৰিত্ৰত অভিনয় কৰা সুপৰিচিত অভিনেতা গুফী পেইন্টালৰ আৰু নাই । আজি পুৱা প্ৰায় ৯ বজাত ৭৯ বছৰ বয়সত মৃত্যু হয় প্ৰবীণ অভিনেতাজনৰ। বয়সৰ লগত জড়িত স্বাস্থ্যজনিত সমস্যাৰ বাবে মুম্বাইৰ চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে অভিনেতাগৰাকীয়ে । দীৰ্ঘদিন ধৰি ৰক্তচাপ আৰু হৃদযন্ত্ৰজনিত ৰোগত আক্ৰান্ত হৈ আছিল প্ৰবীণ অভিনেতাগৰাকী ।শেহতীয়াকৈ চিকিৎসালয়ত ভৰ্তি হোৱা সময়ত তেওঁৰ অৱস্থা সংকটজনক আছিল ।

Comments are closed, but trackbacks and pingbacks are open.