নিউজ ডেস্ক, ৫ জুনঃ বিহাৰৰ খগাড়িয়াত নিৰ্মীয়মাণ অৱস্থাত খহি পৰিল ১৭০০ কোটি টকীয়া দলং। খগাড়িয়াৰ গংগা নদীৰ ওপৰত নিৰ্মাণ কৰা দলংখন তিনি টুকুৰা হৈ ভাগি পৰে নদীত। অৱশ্যে দুৰ্ঘটনাত কোনো লোক হতাহত হোৱা নাই বুলি জানিব পৰা গৈছে।
খগড়িয়া জিলাৰ আগুৱানিক ভাগলপুৰৰ চুলতানগঞ্জৰ সৈতে সংযোগ কৰা ৩.১ কিলোমিটাৰ দৈৰ্ঘ্যৰ দলংখনৰ নিৰ্মাণ ২০১৪ চনত আৰম্ভ হৈছিল। নীতিশ কুমাৰে এই দলং খনৰ আধাৰশিলা স্থাপন কৰিছিল আৰু ২০১৯ চনত সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছিল।
কিন্তু ইয়াৰ সময়সীমা বৃদ্ধি কৰা হৈছিল আৰু চলিত বৰ্ষৰ নৱেম্বৰ মাহৰ ভিতৰত সম্পূৰ্ণ হোৱাৰ কথা আছিল। দলংখন নিৰ্মাণৰ দায়িত্বত আছিল এছ পি চিংলা কনষ্ট্ৰাকচনছ প্ৰাইভেট লিমিটেড।
জানিব পৰা মতে, এই দলং খন চাৰি লেনযুক্ত । ইতিমধ্যে ঘটনা সন্দৰ্ভত তদন্ত কৰিবলৈ বিহাৰ চৰকাৰে নিৰ্দেশ দিছে।
Comments are closed, but trackbacks and pingbacks are open.