নিউজ ডেস্ক, ৫ জুনঃ আজি মহাপুৰুষ মাধৱদেৱৰ ৫৩৪ সংখ্যক আৱিৰ্ভাৱ তিথি। পুৱাৰে পৰা শ্ৰী শ্ৰী মাধৱদেৱৰ বন্দনা, হৰিনামেৰে মুখৰিত হ’ল ৰাজ্যৰ চৌদিশ। ব্যতিক্ৰম নহয় টীয়কতো।টীয়কৰ শ্ৰী শ্ৰী গুৰু মাধৱদেৱে নিজ হাতে স্থাপন কৰা ঐতিহাসিক ঢেকীয়াখোৱা বৰ নামঘৰতো মহাপুৰুষজনাৰ জন্মজয়ন্তী আৰম্বড়পূৰ্ণভাৱে উদযাপন কৰা হৈছে।
ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰিছে নামঘৰ পৰিচালনা সমিতিয়ে।দেওবাৰে বৰগীত,সত্ৰীয়া নৃত্য,খোলবাদন আদিৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ পাছত আজি পুৱাই সমূহ ঢেকীয়াখোৱাবাসীৰ সহযোগত ভাগৱত ভ্ৰমণ ও সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰে।উক্ত অনুষ্ঠানত জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে ৰাইজৰ স্বত:স্ফুৰ্ত সহাৰি পৰিলক্ষিত হৈছে।
ইপিনে শোভাযাত্ৰাৰ পাছতে নাম প্ৰসংগ আৰু তাৰ পাছতে মূলসভা ও বঁটা বিতৰণী সভা অনুষ্ঠিত হ’ব। লগতে গধূলিলৈ মহাপুৰুষ দুজনাৰ অমৰ সৃষ্টি ভাওনা প্ৰদৰ্শনৰো ব্যৱস্থা কৰিছে উদ্যোক্তাসকলে।