আজি বিশ্ব পৰিৱেশ দিৱস

নিউজ ডেস্ক, ৫ জুনঃ আজি বিশ্ব পৰিৱেশ দিৱস। প্ৰতি বছৰে ৫ জুনৰ দিনা বিশ্বব্যাপী ৰাজনৈতিক কৰ্মোদ্যোগ আৰু জনসচেতনতাৰ মাধ্যমত পৰিৱেশ সচেতনতাক লক্ষ্য ৰাখি এই দিৱস পালন কৰা হয়। এই দিনটিতেই ৰাষ্ট্ৰসংঘৰ মানৱিক পৰিৱেশ কনফাৰেন্স আৰম্ভ হৈছিল। এই কনফাৰেন্স ১৯৭২ খ্ৰিষ্টাব্দৰ ৫ জুনৰ পৰা ১৬ জুনলৈ হৈছিল। তেতিয়াৰ পৰাই প্ৰতি বছৰেই এই দিৱস পালন কৰি অহা হৈছে।

এই দিৱস প্ৰথমে পালন কৰা হয় ১৯৭৩ খৃষ্টাব্দত। প্ৰতি বছৰে এই দিৱসটি বেলেগ বেলেগ চহৰত, বেলেগ বেলেগ বিষয় লৈ পালন হয়।

চলিত বৰ্ষৰ বিশ্ব পৰিৱেশ দিৱসৰ উদ্দেশ্য হৈছে প্লাষ্টিকৰ পৰা হোৱা প্ৰদূষণ ৰোধ কৰা । দৈনন্দিন জীৱনত ব্যৱহৃত প্লাষ্টিকে জীৱ জগত তথা পৰিৱেশলৈ কঢ়িয়াই অনা সংকটৰ প্ৰতি লক্ষ্য ৰাখি চলিত বৰ্ষৰ বাবে নিৰ্ধাৰণ কৰা হৈছে এই উদ্দেশ্য ।

AssamAssamese NewsDaily time axomIndiaInternationalWorld Environment Day