মাইক্ৰ’ব্লগিং প্লেটফৰ্ম টুইটাৰৰ নতুন চিইঅ’ হিচাপে দায়িত্ব গ্ৰহণ কৰিছে লিণ্ডা ইয়াকাৰিনোৱে। তাৰ আগতে তেওঁ ‘নেশ্যনেল ব্ৰডকাষ্টিং কোম্পানী ইউনিভাৰ্চেল’ৰ অধ্যক্ষ আছিল
এলেন মাস্কে ১২ মে’ত লিণ্ডাক নিযুক্তি দিয়াৰ কথা ঘোষণা কৰিছে। তেওঁ কয় যে অহা ছয় সপ্তাহৰ ভিতৰত লিণ্ডাই দায়িত্ব ল’ব। টুইটাৰৰ মালিক এলেন মাস্কে যোৱা বছৰ কৈছিল যে যদি কোনোবাই চাকৰিটো ল’বলৈ সক্ষম হয় তেন্তে তেওঁ চিইঅ’ৰ ঠাই ল’ব পাৰিব।
টুইটাৰে এনবিচি ইউনিভাৰ্চেলৰ পৰা জো বেনাৰ্চক নিযুক্তি দিয়াৰ কথাও ঘোষণা কৰিছে। বেনাৰ্চ আছিল মিডিয়া জায়ান্টটোৰ যোগাযোগ আৰু বিজ্ঞাপনৰ জ্যেষ্ঠ উপ-সভাপতি। তাত তেওঁৰ অংশীদাৰিত্বও আছে। তাৰ আগতে তেওঁ কেইবাবছৰ ধৰি ফেচবুক আৰু ইনষ্টাগ্ৰামৰ কোম্পানী মেটাত কাম কৰিছিল।
এইবাৰ টুইটাৰৰ আয় বৃদ্ধিৰ ক্ষেত্ৰত তেওঁ মুখ্য ভূমিকা ল’ব বুলি আশা কৰা হৈছে।
২০২২ চনত মাস্কে বিপুল ধনৰ বিনিময়ত টুইটাৰ ক্ৰয় কৰি ভাৰতীয় মূলৰ পৰাগ আগৰৱালক বৰ্খাস্ত কৰিছিল তেওঁ আছিল মুখ্য কাৰ্যবাহী বিষয়া। টুইটাৰ এৰি যোৱাৰ পিছত পৰাগে মাস্কৰ বিৰুদ্ধে কেইবাটাও অভিযোগ উত্থাপন কৰে। অৱশ্যে তেতিয়াৰ পৰা এই পদত কোনো লোকক স্থায়ীভাৱে নিযুক্তি দিয়া হোৱা নাই। টুইটাৰ অধিগ্ৰহণৰ পিছত মাস্কে নিজেই মুখ্য কাৰ্যবাহী বিষয়াৰ দায়িত্ব চম্ভালি আছিল। টুইটাৰে নতুন চিইঅ’ নিযুক্তি দিয়াৰ ফলত মাস্কে স্পেচএক্স আৰু টেছলাৰ ওপৰত অধিক মনোনিৱেশ কৰিব পাৰিব। শেহতীয়াকৈ তেওঁ ধনী লোকৰ তালিকাত শীৰ্ষস্থান দখল কৰিছে।
এই লিণ্ডা ইয়াকাৰিনো কোন?
টুইটাৰৰ নতুন চিইঅ’ লিণ্ডাই প্ৰায় ১৯ বছৰ ধৰি ৱাৰ্নাৰ ব্ৰাদাৰ্ছৰ মালিকানাধীন টাৰ্নাৰ এণ্টাৰটেইনমেণ্টত কাম কৰি আহিছে। ইয়াৰ পিছত তেওঁ নেচনেল ব্ৰডকাষ্টিং কোম্পানীত যোগদান কৰে। তাতেই তেওঁক বিজ্ঞাপন বিভাগৰ মুৰব্বী হিচাপে নিযুক্তি দিয়া হয়। পেন ষ্টেট ইউনিভাৰ্চিটিৰ পৰা কলা আৰু টেলিকমিউনিকেচনত ডিগ্ৰী লাভ কৰিছে। তেওঁক আমেৰিকাৰ বিজ্ঞাপন জগতৰ ‘ভেলভেট হামাৰ’ বুলি কোৱা হয়। ৱাল ষ্ট্ৰীট জাৰ্নেলৰ প্ৰতিবেদন অনুসৰি তেওঁৰ কঠিন আৰু প্ৰাগমেটিক আলোচনা শৈলীৰ বাবে টেলিভিছন উদ্যোগত তেওঁৰ উপস্থাপনে তেওঁক বহু ডাঙৰ চুক্তিত স্বাক্ষৰ কৰাত সহায় কৰিছে।
ইয়াৰ উপৰিও লিণ্ডাৰ ৰাজনীতিৰ সৈতেও জড়িত। তেওঁ আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সৈতে কাম কৰিছে। আনকি ট্ৰাম্পৰ স্প’ৰ্টছ, ফিটনেছ, এণ্ড নিউট্ৰিচন প্ৰেচিডেণ্ট কাউন্সিলত দুবছৰৰ বাবে কাৰ্যনিৰ্বাহ কৰিবলৈ নাম উল্লেখ কৰাসকলৰ ভিতৰত তেওঁ আছিল।