নিউজ ডেস্ক, ৬ জুনঃ ঘোষণা কৰা হ’ল অসম উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল। পুৱা ৯ বজাৰ লগে লগে শিক্ষা সংসদে ঘোষণা কৰিলে পৰীক্ষাৰ ফলাফল। ১১টাকৈ ৱেবছাইটত উপলব্ধ হৈছে পৰীক্ষাৰ ফলাফল। কলা শাখাত উত্তীৰ্ণৰ হাৰ ৭০.১২ শতাংশ। বাণিজ্য শাখাত উত্তীৰ্ণৰ হাৰ ৭৯.৫৭ শতাংশ। আনহাতে, বিজ্ঞান শাখাত উত্তীৰ্ণৰ হাৰ ৮৪.৯৬ শতাংশ।
কলা শাখাত প্ৰথম স্থান লাভ কৰে ৰামানুজন চিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ ছাত্ৰ সংকল্পজিৎ শইকীয়া। সংকল্পজিতৰ ঘৰ নগাঁৱৰ কামপুৰৰ চাংচকীত।আনহাতে, ৰামানুজনৰ পৰা কলা শাখাত মুঠ ৮ জন ছাত্ৰ-ছাত্ৰীয়ে স্থান লাভ কৰিছে।
বিজ্ঞান শাখাত প্ৰথম স্থানত উজ্বলিল ৰামানুজন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ নিখিলেশ দত্ত। বাণিজ্য শাখাত প্ৰথম স্থান লাভ কৰিছে দুগৰাকীয়ে। কেচি দাস কমাৰ্চ কলেজ গুৱাহাটীৰ বৰ্ষা বথ্ৰা আৰু মলয়াবাৰী চিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ সুকন্যা কুমাৰে শীৰ্ষস্থান দখল কৰে।তেওঁলোক দুয়োলাভ কৰা মুঠ নম্বৰ ৪৭২।
Comments are closed, but trackbacks and pingbacks are open.