Daily Time Axom

মৈৰাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰধান শিক্ষকক নিলম্বন

80

নিউজ ডেস্ক, ৭ জুনঃ মৈৰাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰধান শিক্ষকক নিলম্বন।
অৱশেষত নিলম্বিত হ’ল মৰিগাওঁ জিলাৰ মৈৰাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বহু বিতৰ্কিত ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক ৰহমত আলী।বিভিন্ন দুৰ্নীতিৰ অভিযোগত মাধ্যমিক শিক্ষা সঞ্চালকে ৬ জুনত এক নিৰ্দেশ যোগে নিলম্বন কৰে ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক ৰহমত আলীক। মাধ্যমিক শিক্ষা সঞ্চালকে দিয়া পত্ৰখনত উল্লেখমতে,ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক ৰহমত আলীৰ বিৰুদ্ধে মধ্যাহ্ন ভোজন আৰু ইউনিফৰ্মৰ নামত ব্যাপক কেলেংকাৰী সংঘটিত কৰাৰ অভিযোগৰ চৰজমিন তদন্ত চলাইছিল অতিৰিক্ত উপায়ুক্তই। তদন্ত কালত ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক ৰহমত আলীয়ে সংঘটিত কৰা অভিযোগৰ পৰ্যাপ্ত প্ৰামানিক তথ্য লাভ কৰিছিল অতিৰিক্ত উপায়ুক্ত গৰাকীয়ে। অতিৰিক্ত উপায়ুক্তৰ তদন্তৰ প্ৰতিবেদনৰ ভিত্তিত উপায়ুক্ত দেবাশীষ শৰ্মাই ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক জনৰ বিৰুদ্ধে বিভাগীয়ভাবে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ পত্ৰ প্ৰেৰণ কৰিছিল মাধ্যমিক শিক্ষা সঞ্চালকলৈ। উপায়ুক্তৰ পত্ৰৰ ভিত্তিত অৱশেষত ৬ জুনত নিলম্বন কৰে ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক জনক। চৰকাৰী ধন আত্মসাৎ কৰাৰ বাবে নিলম্বিত হোৱা ৰহমত আলীৰ লগতে পৰিচালনা সমিতিৰ সভাপতিৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী উত্থাপন হৈছে।

Comments are closed, but trackbacks and pingbacks are open.