নিউজ ডেস্ক, ৭ জুনঃ সোণাপুৰৰ ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনাত পতিত গেছ পৰিবাহী টেংকাৰ। দুৰ্ঘটনাগ্ৰস্ত বাহনৰ পৰা অহৰহ নিৰ্গমন হৈছে গেছ। যিকোনো মুহূৰ্ততে ঘটিব পাৰে ভয়ংকৰ ঘটনা। গেছ পৰিবাহী টেংকাৰ আৰু অল্ট’ৰ মাজত মুখামুখি হৈছিল সংঘৰ্ষ।
দুৰ্ঘটনাৰ পাছতে ৱান ৱে কৰি দিয়া হৈছে পথছোৱা। ঘটনাস্থলীত উপস্থিত হৈছে অগ্নি নিৰ্বাপক বাহিনীৰ লোক। লগতে দুৰ্ঘটনাস্থলীত উপস্থিত হৈছে এম্বুলেন্স।