নিউজ ডেস্ক, ৭ জুনঃ পুনৰ মধ্যপ্ৰদেশত ৰে’ল দুৰ্ঘটনা ! লাইনচ্যুত হ’ল এলপিজি কঢ়িয়াই নিয়া দুটাকৈ দবা।ওড়িশাৰ বালাচৰৰ ভয়ানক ৰে’ল দূৰ্ঘটনাৰ পিছতেই এইবাৰ মধ্যপ্ৰদেশৰ জবলপুৰৰ শ্বাহপুৰা ভিটনিত এখন মালবাহী ৰে’লৰ দুটাকৈ দবা লাইনচ্যুত হয়।নিশা ৰে’লখন আনলোডিঙৰ বাবে ৰখোৱা সময়তে সংঘটিত হয় এই দূৰ্ঘটনাটো। শেহতীয়াকৈ ৰে’ল দুৰ্ঘটনাৰ সংখ্যা এইদৰে বৃদ্ধি হোৱাত সমগ্ৰ দেশবাসী বৰ্তমান চিন্তিত হৈ পৰিছে।