বিজ্ঞানীসকলে বিচাৰি পাইছে চন্দ্ৰৰ বুকুত প্ৰকৃততে কি আছে

চন্দ্ৰ পৃষ্ঠৰ বিষয় প্ৰায়ে চৰ্চালৈ আহে। শেহতীয়াকৈ গৱেষণা হৈছে চন্দ্ৰৰ বিষয়ে। কিন্তু চন্দ্ৰ পৃষ্ঠৰ তলত অৰ্থাৎ ইয়াৰ মাটিৰ তলত কি আছে?বা চন্দ্ৰৰ কেন্দ্ৰত কি আছে?
চন্দ্ৰৰ মূল অংশটো গলিত পদাৰ্থৰে ভৰি আছে নে নাই সেই বিষয়ে বিজ্ঞানীসকলে নিশ্চিত নাছিল। উতলি থকা লাভাৰ দৰে কিবা আছে নেকি? নে তাত কিবা এটা কঠিন বস্তু আছে? এই সন্দৰ্ভত মতানৈক্যৰ সৃষ্টি হৈছিল। বিষয়টো সন্দৰ্ভত স্পষ্ট হোৱা নাছিল বিজ্ঞানীসকল। এতিয়া তেওঁলোকৰ বাবে সকলো স্পষ্ট হৈ পৰিছে।
ফ্ৰান্সৰ নেচনেল চেণ্টাৰ ফৰ চাইন্টিফিক ৰিচাৰ্চৰ এক অধ্যয়নে এই নতুন দিগন্ত মুকলি কৰিছে। ই চন্দ্ৰক নতুনকৈ চিনি পোৱাৰ বাট মুকলি কৰি দিলে।

গৱেষকসকলে কয় যে চন্দ্ৰৰ একেবাৰে কেন্দ্ৰত কোনো গলিত পদাৰ্থ নাথাকে। বৰং অতি কঠিন ধাতু আছে। যিটো ইমান কঠিন যে ইয়াক লোহাৰ লগত তুলনা কৰিব পাৰি।


চন্দ্ৰৰ একেবাৰে মাজত লোহাৰ দৰে কিবা এটা আছে। ইফালে কেন্দ্ৰটো কঠিন লোহাৰ দৰে যদিও ইয়াৰ ওপৰত গলিত পদাৰ্থ থাকে।


বিজ্ঞানীসকলে এতিয়া ভূমিকম্পৰ ওপৰত নিৰ্ভৰ কৰি সৌৰজগতত বিভিন্ন গ্ৰহ আৰু ইয়াৰ চন্দ্ৰৰ মূলত কি আছে সেই বিষয়ে জানিব পাৰিছে। তেওঁলোকে কয় যে চন্দ্ৰত এনে ভূমিকম্পৰ সময়ত এপ’ল’ মিছনৰ পৰা লাভ কৰা তথ্য ফ্ৰান্সৰ নেশ্যনেল চেণ্টাৰ ফৰ চাইন্টিফিক ৰিচাৰ্চৰ গৱেষকসকলৰ বাবে যথেষ্ট উপযোগী হৈছে।

AssamAssamese NewsDaily time axomGuwahatiIndiaInternationalWorld
Comments (0)
Add Comment