বছৰৰ এই সময়ত বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে নিয়মিতভাৱে বংগৰ পৰা প্ৰধানমন্ত্ৰীলৈ আম প্ৰেৰণ কৰে। এইবাৰো হিমসাগৰ, লাংৰা আৰু বংগৰ বিভিন্ন আম দিল্লীলৈ পঠাইছে । জানিব পৰা মতে, কেৱল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈকে নহয়, ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু, উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখৰ আৰু মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুদলৈও আম প্ৰেৰণ কৰা হৈছে।
ৰাষ্ট্ৰকেন্দ্ৰিক ৰাজনীতি, ৰাজনৈতিক মতাদৰ্শৰ মাজত দুয়োটা দলৰ মাজত পাৰ্থক্য আছে। তদুপৰি বহু কেইটা বিষয়তো মুখ্যমন্ত্রী মমতা বেনাৰ্জীয়ে বাৰে বাৰে কেন্দ্রক লক্ষ্য কৰি লৈছে৷ কিন্তু দেখা গ’ল যে এইবাৰ ৰাজনৈতিক সংঘাতৰ মাজতো সৌজন্যতা কমি যোৱা নাই মমতা বেনাৰ্জীৰ ।