Daily Time Axom

শৰাইঘাট দলঙৰ সমীপত শোকাৱহ পথ দুৰ্ঘটনা, ট্ৰাকৰ খুন্দাত নিহত এজন বাইক আৰোহী

96

নিউজ ডেস্ক, ৮ জুনঃ শৰাইঘাট দলঙৰ সমীপত শোকাৱহ পথ দুৰ্ঘটনা। দলঙৰ আমিনগাঁও দিশত সংঘটিত হয় এই দুৰ্ঘটনা। তীব্ৰবেগী ট্ৰাকৰ খুন্দাত নিহত হয় এজন বাইক আৰোহী। বাইক আৰোহীজন ছিপাঝাৰ খাণ্ডাজান গাঁৱৰ মিৰেল জমিৰ বুলি চিনাক্ত কৰা হৈছে। যুৱকজনে গুৱাহাটীলৈ গৈ থকা অৱস্থাত একে দিশত অহা এখন ট্ৰাকে মহতিয়াই নিয়ে।

সংকট জনক অৱস্থাত যুৱকজনক নাৰায়ণা হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসাধীন অৱস্থাত মৃত্যু হয় যুৱকজনৰ।

আৰক্ষীয়ে দুৰ্ঘটনা সংঘটিত কৰা বাহনখন জব্দ কৰাৰ লগতে চালকজনক আটক কৰিছে। দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখনৰ নম্বৰ AS 01 AC 1251 আৰু বাইকখনৰ নম্বৰ AS 13 B 8743।

Comments are closed, but trackbacks and pingbacks are open.