নিউজ ডেস্ক, ৮ জুনঃ দেশত পুনৰ দিল্লীৰ শ্ৰদ্ধা হত্যাকাণ্ডৰ পুনৰাবৃত্তি। এইবাৰ এই নৃশংস হত্যাকাণ্ড সংঘটিত হৈছে মুম্বাইত। মুম্বাইৰ মীৰা ৰোডত সংঘটিত হৈছে এই ঘটনা।
৫৬ বছৰীয়া এগৰাকী ব্যক্তিয়ে লিভ ইনৰ প্ৰেয়সীক হত্যা কৰি মৃতদেহটো গছ কটা সামগ্ৰীৰে টুকুৰা-টুকুৰ কৰে। এয়াই নহয় মৃতদেহৰ টুকুৰাবোৰ কুকাৰত সিজায়।
অভিযুক্ত মনোজ চাহানীয়ে তেওঁৰ প্ৰেয়সী সৰস্বতী বৈদ্যৰ লগত যোৱা তিনি বছৰ ধৰি মুম্বাইৰ মীৰা ৰোডৰ এটা ভৱনত আছিল।
আৰক্ষীয়ে মনোজৰ ওচৰ চুবুৰীয়াৰ পৰা তথ্য লাভ কৰিছিল যে ঘৰটোৰ পৰা দুৰ্গন্ধ ওলাই আছিল। পৰৱৰ্তী সময়ত ঘৰটোত আৰক্ষী উপস্থিত হৈ মৃতদেহৰ গেলি যোৱা টুকুৰা উদ্ধাৰ কৰিছিল।
এই ঘটনাৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে মনোজক।
Comments are closed, but trackbacks and pingbacks are open.