কৰমণ্ডল এক্সপ্ৰেছৰ পাছত আন এক অঘটন! এইবাৰ দুৰ্গ-পুৰী এক্সপ্ৰেছত লাগিল জুই

নিউজ ডেস্ক, ৯ জুনঃ বৃহস্পতিবাৰে নিশা উৰিষ্যাৰ খৰিয়াৰ ৰোড ষ্টেচনৰ সমীপত দুৰ্গ-পুৰী এক্সপ্ৰেছত অগ্নিকাণ্ড। ৰে’লখনৰ বি-৩ এচি ডবাৰ ব্ৰেক পেডৰ ওচৰত সংঘটিত হয় এই অগ্নিকাণ্ড।

স্থানীয় লোকে প্ৰথমে এই অগ্নিকাণ্ড প্ৰত্যক্ষ কৰে। পৰৱৰ্তী সময়ত ডবাটোৰ ভিতৰত থকা যাত্ৰীসকল বাহিৰলৈ ওলাই আহে।

অৱশ্যে এই অগ্নিকাণ্ডত কোনোধৰণৰ ক্ষয়-ক্ষতি হোৱা নাই। স্থানীয় ৰে’ল কৰ্তৃপক্ষই ঘটনা সন্দৰ্ভত অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়াত অগ্নি নিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়।ইয়াৰ পাছত নিশা ১১ বজাত ৰে’লখন পুনৰ লক্ষ্যস্থানলৈ ৰাওনা হয়।

AccidentAssamese NewsCoromandel ExpressDaily time axomIndiaOdisha