Daily Time Axom

ভয়ংকৰ বনজুইৰ কবলত কানাডা, বনজুইত ছাৰখাৰ হ’ল দেশখনৰ ৩.৩ মিলিয়ন হেক্টৰ বনভূমি

46

নিউজ ডেস্ক, ৯ জুনঃ ভয়ংকৰ বনজুইৰ কবলত কানাডা। বনজুইৰ কবলত সম্পূৰ্ণৰূপে ছাৰখাৰ হৈছে দেশখনৰ ৩.৩ মিলিয়ন হেক্টৰ বনভূমি।

জুইৰ শিখাই অৰণ্যবোৰক ছানি ধৰাৰ সমান্তৰালভাবে কাষৰীয়া বহু অঞ্চল ক্ষতিসাধন কৰিছে।কানাডাৰ বনজুইৰ পৰা ওলোৱা ছাই মিহলি কলা ধোঁৱাই ছানি ধৰিছে আমেৰিকাৰো বৃহৎ অংশ।

যাৰ বাবে মানৱ দেহৰ ক্ষতিকাৰক বুলি ঘোষণা কৰি স্থানীয় বাসিন্দাক ঘৰৰ ভিতৰত থাকিবলৈ আহ্বান জনায়।

উল্লেখ্য যে, প্ৰায় প্ৰতি বছৰে কানাডাৰ পশ্চিম প্ৰান্তৰ অৰণ্যবোৰত গোলকীয় উষ্ণতা বৃদ্ধিৰ বাবে সূত্ৰপাত হয় বনজুইৰ। কিন্তু এইবাৰৰ বনজুইয়ে চিন্তিত কৰিছে কানাডাক। কিয়নো এই বৰ্ষৰ বনজুইয়ে সৃষ্টি কৰিছে ভয়াৱহ পৰিস্থিতিৰ।

Comments are closed, but trackbacks and pingbacks are open.