নিউজ ডেস্ক, ৯ জুনঃ বিক্ৰী কৰিব পাৰিব কুকুৰৰ মাংস !
গুৱাহাটী উচ্চ ন্যায়ালয়ে প্ৰত্যাহাৰ কৰিলে ৩ বছৰ পুৰণি নিষেধজ্ঞা। এতিয়াৰে পৰা ৰাজ্যত বিক্ৰী কৰিব পাৰিব কুকুৰৰ মাংস। তিনি বছৰ পূৰ্বে নাগালেণ্ড চৰকাৰে ৰাজ্যখনত কুকুৰৰ মাংস বিক্ৰী নিষিদ্ধ কৰিছিল যদিও পুণৰ গুৱাহাটী উচ্চ ন্যায়ালয়ে এই সীদ্ধান্ত বাতিল কৰিছে। ২০২০ চনৰ ৪ জুলাইত নাগালেণ্ড কেবিনেট বৈঠকৰ এক জাননীত ৰাজ্যখনত কুকুৰ মাংসৰ ব্যৱসায় নিষিদ্ধ কৰিছিল।লগতে ৰেষ্টুৰেণ্টত ইয়াক পৰিৱেশন কৰাৰ ক্ষেত্ৰতো নিষেধাজ্ঞা জাৰি কৰিছিল। উচ্চ ন্যায়ালয়ৰ যুক্তি অনুসৰি খাদ্য সুৰক্ষা আৰু মানদণ্ড আইনৰ কোনো ঠাইতে এইটো লিখা হোৱা নাই যে চৰকাৰৰ এনে অধিসূচনাৰ জৰিয়তে কুকুৰৰ মাংস নিষিদ্ধ কৰাৰ অধিকাৰ আছে আৰু সেয়ে এতিয়াৰে পৰা নাগালেণ্ডত মুকলিকৈ কৰিব পাৰিব কুকুৰৰ মাংসৰ ব্যৱসায়।