নিউজ ডেস্ক,১০ জুনঃ গণেশগুৰিৰ দুৰ্ঘটনাৰ সন্দৰ্ভত এ কে কনষ্ট্ৰাকচনৰ ঠিকাদাৰ পাৰিজাত শইকীয়াক আটক। চতিয়াৰ পৰা আটক কৰা হৈছে ঠিকাদাৰ পাৰিজাতক। দিছপুৰ থানাত ৰুজু হোৱা গোচৰৰ ভিত্তিত আটক কৰা হৈছে ঠিকাদাৰজনক। ইয়াৰ পূৰ্বে শুকুৰবাৰে এই একেটা প্ৰতিষ্ঠানৰে পৰিচালক বি বালাজীক গ্ৰেপ্তাৰ কৰিছিল দিছপুৰ আৰক্ষীয়ে।
গুৱাহাটীৰ পৰা যোৱা এটা আৰক্ষীৰ দলে তেওঁক চতিয়াৰ পৰা গ্ৰেপ্তাৰ কৰি গুৱাহাটীলৈ লৈ আনিছে।
উল্লেখ্য যে, বৃহস্পতিবাৰে মহানগৰীৰ গণেশগুৰিত পথ দুৰ্ঘটনাত নিহত হৈছিল এগৰাকী ছাত্ৰী। স্কুললৈ গৈ থকাৰ সময়তে স্কুটীসহ স্কুল বাছৰ তলত সোমাই গৈছিল ছাত্ৰীগৰাকী। যাৰ ফলত থিতাতে মৃত্যুক সাবটি লৈছিল প্ৰিয়া কুমাৰী নামৰ ছাত্ৰীগৰাকীয়ে।