নিউজ ডেস্ক, ১০ জুনঃ শক্তিপীঠ মা কামাখ্যাত ২২ জুনৰ নিশা ২.৩০ বাজি ৪২ ছেকেণ্ডৰ পৰা আৰম্ভ হ’ব প্ৰবৃত্তি। আনহাতে নিবৃত্তি হ’ব ২৬ জুনত।
এইবাৰ অম্বুবাচীক লৈ নীলাচল পাহাৰত চলিছে ব্যাপক প্ৰস্তুতি। ভক্তৰ সুবিধা হোৱাকৈ গ্ৰহণ কৰা হৈছে বিভিন্ন সিদ্ধান্ত।
পূৰ্বৰ দৰেই ভক্তৰ বাবে নিৰ্মাণ কৰা হ’ব কেম্প। ২২ জুনৰ নিশা ২-৩০ বাজি ৪২ ছেকেণ্ডত অম্বুবাচীৰ প্ৰবৃত্তি উপলক্ষে মা কামাখ্যাৰ দুৱাৰ বন্ধ হোৱাৰ পাছত ২৬ জুনৰ নিবৃত্তি উপলক্ষে পুৱা নিত্য পূজাৰ পাছতে খোলা হ’ব মন্দিৰৰ দুৱাৰ।
Comments are closed, but trackbacks and pingbacks are open.