Daily Time Axom

গুৱাহাটী শোধনাগাৰত ভয়ংকৰ ঘটনা, গাঁত খান্দি থাকোঁতেই মাটি খহি মৃত্যু শ্ৰমিকৰ

53

নিউজ ডেস্ক, ১০ জুনঃ গুৱাহাটী শোধনাগাৰত ভয়ংকৰ ঘটনা। শোধনাগাৰৰ ভিতৰত গাঁত খান্দি থাকোঁতেই এই অঘটন। গাঁত খান্দি থাকোঁতেই মাটি খহি মৃত্যু হয় মৰিগাঁৱৰ আব্দুল কৰিম নামৰ শ্ৰমিকজনৰ। এই ঘটনাত আব্দুল মালিক, ৰজনী কলিতা নামৰ আন দুজন শ্ৰমিকো গুৰুতৰভাৱে আহত হয়।গুৰুতৰভাৱে আহত শ্ৰমিকদ্বয়ক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় শোধনাগাৰৰ মূল প্ৰৱেশদ্বাৰত। এই ঘটনাৰ লগে লগে শোধনাগাৰ কৰ্তৃপক্ষ, নিকন কোম্পানীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন হৈছে।

তদুপৰি নিহতৰ পৰিয়ালক কমেও ২০লাখ টকাৰ ক্ষতিপূৰণ প্রদানৰ দাবী জনাই শ্ৰমিকসকলে। দাবী মানি নল’লে আন্দোলনৰ হুংকাৰ শ্রমিকসকলৰ।

Comments are closed, but trackbacks and pingbacks are open.